Credits
AUSFÜHRENDE KÜNSTLER:INNEN
Pabitra Borah
Künstler:in
Subasana Dutta
Künstler:in
Sibabrata Sarma
Leiter:in Musik
Naibedya Hazarika
Gitarre
KOMPOSITION UND LIEDTEXT
Pabitra Borah
Songwriter:in
PRODUKTION UND TECHNIK
Pabitra Borah
Produzent:in
Lyrics
ধিপিং ধিপিং বুকু... ঐ চিৰিং চিৰিং মন।
তোকে জান ঐ দিলো... ঐ মোৰে হিয়াখন।
ঐ জান তোলৈ সাঁচি থʼলো
মোৰ উতলা যৌৱন।
হৃদয়তে ওলমাই লʼলো
ঐ তোৰে ফটোখন।
ধিপিং ধিপিং বুকু... ঐ চিৰিং চিৰিং মন।
তোকে জান ঐ দিলো... ঐ মোৰে হিয়াখন।
অন্তৰা -1
তোৰে কথা ভাবি অ' দেহাজান
গাৰুটোকে বুকুতে পাওঁ
মন যায় পিছলি কʼব যে নোৱাৰি
ঘনাই ঘনাই মঙলখন চাওঁ।
তোৰ কোমল বুকুত মৰম বিচাৰি যাওঁ।
শুৱনি মুখনিত আলফুল দুহাতে বুলাওঁ।
জান ঐ জান ঐ ...জান
ধিপিং ধিপিং বুকু... ঐ চিৰিং চিৰিং মন।
তোকে জান ঐ দিলো... ঐ মোৰে হিয়াখন।
অন্তৰা -2
সাজিছো কাচিছো তোকে ভাবি আছো।
জেতুকাৰে লিখিছো তোৰে নাম।
দুচকুতে কাজল তোলৈকে আঁকিছো
মোৰ দেহা ঐ
যেন তোক কাষতে পাম।
ঐ তোৰ বুকুতে আহি
সাজিম এখনি ঘৰ
আমাৰ প্ৰেমৰ কাহিনী
তাতে হʼব যে অমৰ
অ' জান ঐ জান
বুকুৱে বুকুৱে ৰ'ব মৰম অভিমান।
ধিপিং ধিপিং বুকু... ঐ চিৰিং চিৰিং মন।
তোকে জান ঐ দিলো... ঐ মোৰে হিয়াখন।
Written by: Pabitra Borah